দিপাৱলী হৈছে ভাৰতৰ অন্যতম প্ৰখ্যাত উৎসৱ।এই উৎসৱ পাঁচদিন ধৰি উদযাপন কৰা হয়।দীপাৱলী নামটোৰ উৎপত্তি হৈছে মাটিৰ বন্তিৰ শাৰী অৰ্থাৎ আৱলীৰ পৰা।ভাৰতীয়সকলে আধ্যাত্মিক অন্ধকাৰৰ পৰা নিজৰ ঘৰ আৰু পৰিয়ালক ৰক্ষা কৰিবলৈ দীপাৱলীত নিজৰ ঘৰৰ বাহিৰখন পোহৰাই তোলে।এই দিনটোতে মানুহে কালি পূজাও পালন কৰে।
দীৰ্ঘদিন ধৰি এই উৎসৱ পালন কৰি অহাত ই ভাৰতৰ জাতীয় উৎসৱলৈ পৰিণত হৈছে।হিন্দু-অহিন্দু উভয়ে দীপাৱলী উদযাপন কৰে।
দীপাৱলী উৎপত্তিৰ আঁৰৰ কাহিনী সমগ্ৰ ভাৰততে ভিন ভিন।উত্তৰ ভাৰতত প্ৰভু ৰামে ৰাৱণক জ্বলাই পৰাস্ত কৰাৰ কাহিনীৰে এই উৎসৱ উদযাপন কৰে।
দক্ষিণ ভাৰতত ভগৱান কৃষ্ণই নৰকাসুৰক পৰাস্ত কৰাৰ কাহিনীৰে দীপাৱলী উদযাপন কৰে।
পশ্চিম ভাৰতত ভগৱান বিষ্ণুৱে বলিক নৰকলৈ পঠোৱাৰ কাহিনীৰে দীপাৱলী উদযাপন কৰে।
পূব ভাৰতত উত্তৰ ভাৰতীয় জনসাধাৰণে কৰাৰ দৰে কাহিনীক বিশ্বাস কৰে আৰু দীপাৱলী উদযাপন কৰে।
দীপাৱলী পাঁচদিন ধৰি উদযাপন কৰা হয়।
প্ৰথমদিন : মানুহে নিজৰ ঘৰ-বাৰী আৰু দোকান-পোহাৰ চাফা কৰে।
দ্বিতীয়দিন : এই দিনটোত মানুহে নিজৰ ঘৰ-দুৱাৰ,দোকান-পোহাৰ মাটিৰ চাকি,ৰঙ্গলী আদিৰে সজাই তোলে।
তৃতীয়দিন : এই দিনটো উৎসৱৰ মূল দিন।এই দিনটোত লক্ষ্মী পূজাৰ অৰ্থে আত্মীয়-স্বজন আৰু পৰিয়ালৰ লোকসকল একলগ হয়।
চতুৰ্থদিন : এই দিনটো নতুন বছৰৰ প্ৰথম দিন।আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে উপহাৰৰ সৈতে শুভকামনা জনাবলৈ উপস্থিত হয়।
পঞ্চমদিন :ভায়েক-ককায়েকহঁতে নিজৰ বিবাহিত ভনীয়েকলৈ মৰম আৰু উপহাৰৰ টোপোলা লৈ যায়।
No comments:
Post a Comment
Please don't enter any spam link